নিউজ ডেস্কঃ অসম সন্তান ৰিয়ান পৰাগক প্ৰশংসা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক, প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ।
২ অক্টোবৰৰ খেলৰ বাবে বৰ্তমান গুৱাহাটীত থকা ৰাহুল দ্ৰাবিড়ে সংবাদ মেলত প্ৰশংসা কৰে ৰিয়ান পৰাগক।
ৰিয়ান পৰাগ এগৰাকী ভাল খেলুৱৈ বুলি মন্তব্য কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে।
আনহাতে অসমৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভতো মন্তব্য কৰে দ্ৰাবিড়ে।
অসমত যথেষ্ট প্ৰতিভাসম্পন্ন খেলুৱৈ আছে বুলি মন্তব্য ৰাহুল দ্ৰাবিড়ৰ।
তদুপৰি বৰ্ষাপাৰা ষ্টেডিয়াম ক্ৰিকেট খেলৰ বাবে এখন সুন্দৰ ষ্টেডিয়াম বুলি কয় ৰাহুল দ্ৰাবিড়ে।
উল্লেখ্য যে, ২ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত জয়ৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা।
শুকুৰবাৰেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োখন দেশৰ ক্ৰিকেটাৰসকল।
খেলখন চাবলৈ অত্যুৎসাহী হৈছে গুৱাহাটীৰ ক্ৰীড়াপ্ৰেমীসকল।









