অসম

অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত আজি গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে…

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। দুয়োখন ৰাজ্যৰ মাজত দশক জুৰি চলি অহা সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী দুগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অৱগত কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আবেলি শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে সীমান্ত সম্পৰ্কীয় আঞ্চলিক সমিতিৰ প্ৰতিবেদনৰ পিছত সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত এক চুক্তি ইতিমধ্যে স্বাক্ষৰ হৈছে।

দুয়োখন ৰাজ্যই তেওঁলোকৰ সীমাৰ ৬খন বিবাদিত এলেকাৰ অন্তৰ্গত ৩৬ গাঁও সন্দৰ্ভত সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিবলৈ সন্মত হৈছে।

ইয়াৰ পূৰ্বে ২০ জানুৱাৰীত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আৰু সীমান্ত বিবাদ সম্পৰ্কীয় আঞ্চলিক সমিতিৰ প্ৰতিবেদনৰ বিষয়ে অৱগত কৰিছিল।

সেই বৈঠকতে মুখ্যমন্ত্ৰী দুগৰাকীয়ে আঞ্চলিক সমিতিৰ প্ৰতিবেদন সমূহ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰীক্ষা কৰাৰ আহ্বান জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *