অসম-মেঘালয় সীমান্তৰ ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক, SP ইমদাদ আলীকো বদলি…

নিউজ ডেস্কঃ অসম-মেঘালয় সীমান্তত মঙলবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে বদলি কৰা হ’ল পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশ অনুসৰি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হয় অ’চি কাজল নাথক।

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হয় জিৰিকিণ্ডেম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক।

ইফালে একে কাৰণতে বদলি কৰা হৈছে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীকো।

অন্যহাতে এই গুলীচালনাৰ ঘটনাত নিহত ৬ জনৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, মঙলবাৰে পুৱা মেঘালয় আৰু অসম সীমান্তৰ মুক্ৰোহ অঞ্চলত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা।

এখন অবৈধ কাঠ ভৰ্তি ট্ৰাকক অসম বনৰক্ষী আৰু অসম আৰক্ষীয়ে বাধা দিয়াক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল অসম আৰক্ষীয়ে।

এই ঘটনাত এগৰাকী অসম বনৰক্ষীৰ লগতে মেঘালয়ৰ ৫ জন নাগৰিকৰ মৃত্যু ঘটে।

অন্যহাতে ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পৰৱৰ্তী সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে অসম আৰক্ষী আৰু বনৰক্ষীয়ে মেঘালয়ত প্ৰৱেশ কৰি অকৰ্তৃশীলভাৱে গুলীচালনা কৰিছিল।

ৰাজ্য দুখনৰ মাজত অব্যাহত থকা সীমা বিবাদৰ মাজতে সংঘটিত এই ঘটনাক লৈ বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে।

ঘটনাৰ পিছতে সীমান্তৰ ৭ খন জিলাত ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে মেঘালয় চৰকাৰে।