অসম আৰক্ষীৰ বৃহৎ সাফল্য, ৪০ লাখ টকাৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

কৰিমগঞ্জ জিলাৰ অসম ত্ৰিপুৰা সীমান্তৱৰ্তী চুৰাইবাৰীত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ভাং।

আৰক্ষীৰ অভিযানত জব্দ হৈছে প্ৰায় ৪০ লাভ টকাৰ ৪২৫ কিলোগ্ৰাম ভাং।

চুৰাইবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু শীলৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এন এল ০১ এ ডি ৫৭৫০ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই জব্দ কৰে গাঞ্জাখিনি।

আগৰতলাৰ পৰা মহাৰাষ্ট্ৰলৈ বুলি গাঞ্জাখিনি নি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।

ট্ৰাকখনৰ চালকৰ আসনৰ পিছফালে বিশেষভাৱে নিৰ্মিত এটা চেম্বাৰত লুকাই অনা ভাঙৰ পেকেটসমূহ জব্দ কৰে।

লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক চনিল নিকাৰক গ্ৰেপ্তাৰ কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Leave a Comment