ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।
কি উজনি, কি নামনি বলিয়া বানে এফালৰ পৰা তচনচ কৰিছে ৰাজ্যৰ চৌদিশ।
ৰাজ্যৰ লাখ লাখা লোকে বানৰ কবলত পৰি ঘৰবাৰী হোৰুৱাই আশ্ৰই ল’ব লগা হৈছে শিবিৰত।
সৰ্বস্ব হেৰুৱাই ঠায়ে ঠায়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাজ্যৰ সাধাৰণ গয়াই।
ইয়াৰ মাজতে ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি আহিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে।
ৰাজ্যৰ বান পৰিস্থিতি বুজ লৈ এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
তেওঁ কয়-ৰাষ্ট্ৰৰ এটা অভিন্ন অংগ অসম। অসমৰ লগতে ভাৰতৰ যিকােনাে প্ৰান্তৰ দুৰ্যােগ ভাৰতৰ ৰাষ্ট্ৰীয় সমস্যা।
লগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি তেওঁলোকৰ পৰিয়াল সমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
এই দুৰ্যোগৰ সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিষ্ঠাৰে ক্ষতিগ্ৰস্ত ৰাইজক সেৱা কৰি আহিছে বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে।
আনহাতে অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সঘনাই বুজ লৈ আছে বুলি জানিবলৈ দিয়ে।









