নিউজ ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে অসমৰ বন্যাৰ্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে ২৫ কোটি টকা।
টুইটাৰত এই বিষয়ে জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “মুকেশ আম্বানী আৰু অনন্ত আম্বানীলৈ মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা আগবঢ়াই এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অসমৰ জনসাধাৰণৰ সৈতে থিয় দিছে। তেওঁলোকৰ মহানুভৱতাৰ আমি শলাগ লৈছো। ইয়াৰ দ্বাৰা আমাৰ বান সাহায্য ব্যৱস্থা বৃদ্ধি কৰাত বহুখিনি আগুবাঢ়িব পাৰিম।’’
My deepest gratitude to Shri Mukesh Ambani & Shri Anant Ambani for standing with the people of Assam at this crucial juncture by donating Rs 25 cr to CM Relief Fund.
— Himanta Biswa Sarma (@himantabiswa) June 24, 2022
We appreciate this kind gesture. This will go a long way in augmenting our flood relief measures.
উল্লেখ্য যে, কিছুদিন পূৰ্বে বলিউডৰ তাৰকা চনু সুদ, পৰিচালক ৰোহিত ছেট্টী আৰু অৰ্জুন কাপুৰেও অসমৰ বানাক্ৰান্ত জনতাৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাকৈ আগবঢ়াইছিল।
সংগীত প্ৰযোজক ভূষণ কুমাৰেও অসমৰ বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰী পুঁজিলৈ ১১ লাখ টকা আগবঢ়ায়।
প্ৰণিধানযোগ্য যে, অসমত চলিত বৰ্ষত বাৰিষাৰ বানে প্ৰাণ কাঢ়িছে ১১৮ জনকৈ লোকৰ। ৰাজ্যখনৰ ৫৫ লাখৰো অধিক লোক বানৰ কবলত পৰাৰ লগতে বৰ্তমানো প্লাবিত হৈ আছে কেইবাখনো জিলাৰ বিস্তৃৰ্ণ অঞ্চল।









