অসমীয়া ভাষাৰ ওপৰত কোনোবাই ক’লা ৰং সানিব, সহ্য কৰা নহ’ব, চিধাই পিটা হ’বঃ শৃংখল চলিহা…

অসমতেই অসমীয়াৰ বিৰুদ্ধে চলিছে ভয়ংকৰ চক্ৰান্ত! জাতিটোক কেঁকোৰা চেপা দি চেপিবলৈ ধৰিছে এক অসমীয়া বিদ্বেষী চক্ৰই।

গৰুখুঁটি কাণ্ডৰ প্ৰসংগক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানৰ পাছত এইবাৰ বৰাকত অসমীয়া ভাষাৰ বিৰুদ্ধে হুংকাৰ দিলে একাংশ বঙালী সংগঠনে।

বৰাকত অসমীয়া ভাষাৰ চৰকাৰী বেনাৰত কলা ৰং সানি দিয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা।

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়- অসমীয়া ভাষাৰ ওপৰত কোনোবাই ক’লা ৰং সানিব, সেইয়া সহ্য কৰা নহ’ব, চিধাই পিটন দিয়া হ’ব। অসমৰ মাটিত বঙালী সংগঠনৰ কি প্ৰয়োজন। এই সকলো সংগঠন নিষিদ্ধ কৰি দিব লাগে।

লগতে কয়- চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৪৮ঘণ্টা সময় বান্ধি দিছোঁ চৰকাৰ, এৰেষ্ট কৰি জে’লত ভৰাই দিয়ক। ‘কা’ নানোতেই ইমান অতপালি বাঢ়িছে, ‘কা’ অনাৰ পাছত আমাৰ কি হ’ব?’

অসমীয়া ভাষাৰ ফলকত ক’লা ৰং সানি বাংলা ভাষা ব্যৱহাৰ কৰাৰ দাবী তোলা সংগঠনৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে লাচিত সেনাৰ নেতাগৰাকী।

এই কাৰ্যৰ সৈতে প্ৰদীপ দত্ত ৰয় নামৰ বিতৰ্কিত লোকজন জড়িত আছে বুলি অভিযোগ কৰি শৃংখল চলিহাই হুংকাৰ দিয়ে, ‘প্ৰদীপ দত্ত ৰয়ক য’তেই পাম তাতেই পিটিম। জাতিৰ লগত আপোচ কৰা নহ’ব।’

উল্লেখ্য যে, বৰাকত অসম চৰকাৰৰ আঁচনি ‘জল জীৱন মিছন’ৰ এখন প্ৰচাৰ ফলকত ক’লা ৰং সানি দিছিল ‘বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট’ আৰু ‘সদৌ বঙ্গালী যুব সংস্থা’ নামৰ দুটা সংগঠনে। সংগঠন দুটাৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে বিভিন্ন দল-সংগঠনে৷

আনহাতে, এই কাণ্ড লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সমগ্ৰ স্বাভিমানী অসমীয়াক কৰা অপমান বুলি অভিহিত কৰিছে৷ লগতে এই কাণ্ডৰ আঁৰত থকা প্ৰতিজন লোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনায় আছু নেতাগৰাকীয়ে৷

অসমত অসমীয়া ভাষাক নস্যাৎ কৰাৰ চেষ্টা কৰিলে সেয়া কেতিয়াও মানি লোৱা নহ’ব বুলিও তেওঁ মন্তব্য কৰে। চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমবাসী ৰাইজ বহি নাথাকে বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ লগতে অভিযোগ কৰে যে, ‘কা’ বলবৎ কৰাৰ জৰিয়তে অসমত অসমীয়াভাষী লোক যে সংখ্যালঘুত পৰিণত হ’ব সেয়া এতিয়া প্ৰমাণ হ’বলৈ গৈ আছে।

ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমায়ে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কাতি বিহুৰ দিনটোতে অসমত অসমীয়া ভাষা এলাগী আৰু অপমানিত হ’বলগীয়া হোৱাটোক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিয়ে।‘জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে ইয়াতকৈ বেদনাদায়ক কথা আৰু একো হ’ব নোৱাৰে।

ইপিনে শিলচৰ কাণ্ড সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে৷ তেওঁ কয়, ‘মুছলিম মৌলবাদী সংগঠনে অসমীয়া ফলকত সানিছে ৰং৷ অসমত বিভাজনৰ চেষ্টা কৰিছে মৌলবাদী সংগঠনে৷’ লগতে কয় এই ঘটনাৰ আঁৰত বাওঁপন্থীসকলৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। অসম অশান্ত কৰাৰ লক্ষ্যৰে বাওঁপন্থীসকলে এই ঘটনাত উদগনি দিছে৷

কিন্তু অসমীয়া এতিয়া জাগ্ৰত হৈছে আৰু অসমীয়াৰ মাজত এতিয়া আৰু এনে ষড়যন্ত্ৰই বিভাজন আনিব নোৱাৰে বুলিও শিলাদিত্যই মন্তব্য কৰে।

Leave a Comment