অসমীয়া ছবিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য সীমান্ত শেখৰৰ! সাংবাদিকক জনালে এই আহ্বান…

নিউজ ডেস্কঃ ‘পাঠান’ ছবিক লৈ অব্যাহত থকা চৰ্চাৰ মাজতে এইবাৰ অসমীয়া ছবিক লৈ মন্তব্য অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ।

সাংবাদিকক অসমীয়া ছবিৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান সীমান্ত শেখৰৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সীমান্ত শেখৰে কয় যে অসমীয়া চিনেমা যিমানেই ওলাব, সিমানেই অসমীয়া লোকে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব।

সদ্য মুক্তিপ্ৰাপ্ত ৰাজনীতি বা আহিবলগীয়া ডক্তৰ বেজবৰুৱাৰ দৰে ছবিৰ কথা ক’বলৈ সাংবাদিক আহ্বান জনালে গায়কগৰাকীয়ে।

তেওঁ এয়াও কয় যে অসমীয়া ছবি চাবলৈ লোক ছবিগৃহলৈ যাবলৈ আৰম্ভ কৰিছে।

এনে সময়ত অসমীয়া ছবিৰ ক্ষেত্ৰখনত বিনিয়োগ কৰিবলৈও আগবাঢ়ি আহিব।