অসম

অসমত বংগ আৰক্ষীৰ দাদাগিৰি, সাংবাদিকক দুব্যৱহাৰ অভিশেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ

অসমত তৃণমূল কংগ্ৰেছৰ সভাত অথন্তৰ।

সাংবাদিকক দুব্যৱহাৰ অভিশেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ।

অসমৰ এটা ব্যক্তিগত টিভি চেনেলৰ ভিডিঅ’ সাংবাদিক এগৰাকীক বংগৰ সাংসদ অভিষেক বেনাৰ্জীৰ দেহৰক্ষীয়ে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অনুষ্ঠান চলি থকাৰ মাজতে ৰাজু বৰা নামৰ ভিডিঅ’ সাংবাদিকগৰাকীক অকথ্য গালি-গালাজ পাৰি আনুষ্ঠানৰ পৰা গতিয়াই উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

তাৰ পাছতে প্ৰতিবাদ স্বৰূপে সকলো সাংবাদিকে বন্ধ কৰিলে অনুষ্ঠানটোৰ ক’ভাৰেজ।

অনুষ্ঠানত মহিলা সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে বংগ আৰক্ষীৰ বিৰুদ্ধে৷

উল্লেখ্য যে, সাংবাদিকক অপদস্থ কৰা এই ঘটনাক লৈ গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা প্ৰকাশ কৰে৷

উল্লেখ্য যে অসমৰ সাংবাদিকক দুঃব্যৱহাৰ কৰাৰ পাছতো সাংবাদিকৰ ওপৰতহে খৰ্গহস্ত হৈ ওলোটাই দোষিলে TMC নেতা অভিষেক বেনাৰ্জীয়ে৷

ঘটনাক লৈ ক্ষমা বিচাৰিলে যদিও বেনাৰ্জীক সাংবাদিকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *