আন্তঃৰাষ্ট্ৰীয়অসমীয়া

অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ কিংবদন্তি গায়িকা নায়াৰা নূৰৰ দেহাৱসান

নিউজ ডেস্ক। ৩ নৱেম্বৰ ১৯৫০ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা পাকিস্তানৰ কিম্বদন্তি গায়িকা নায়াৰা নূৰৰ দেহাৱসান।

মৃত্যুৰ সময়ত জনপ্ৰিয় গায়িকাগৰাকীৰ বয়স হৈছিল ৭১ বছৰ।

পাকিস্তানৰ লাহােৰৰ বাসিন্দা নায়াৰা নূৰৰ মৃত্যুৰ খবৰে তেওঁৰ আত্মীয় স্বজনৰ লগতে অনুগামীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

G2 8

উল্লেখ্য যে অবিভক্ত ভাৰতৰ পাঞ্জাবৰ অমৃতসৰৰ বাসিন্দা নায়াৰা নূৰৰ পিতৃয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অমৃতসৰৰ পৰা আহি অসমতে নিগাজিকৈ থাকিবলৈ লৈছিল।

নায়াৰাৰ পিতৃ অল ইণ্ডিয়া মুছলিম লীগৰো এজন সক্ৰিয় সদস্য আছিল।

১৯৪৭ চনত ভাৰত-পাকিস্তানৰ বিভাজনৰ পূৰ্বে পাকিস্তানৰ মহম্মদ আলী জিন্নাৰ অসম ভ্ৰমণৰ সময়ত সংগ দিছিল নায়াৰাৰ পিতৃয়ে।

FavJXAWUYAEpFF6

১৯৫৮ চনত নায়াৰা নূৰে সাত বছৰ বয়সতে মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে পাকিস্তানলৈ গুচি গৈছিল আৰু লাহোৰত থাকিবলৈ লয়।

নায়াৰাৰ পিতৃ ভূ-সম্পত্তি নিষ্পত্তিৰ বাবে ১৯৯৩ চনলৈকে গুৱাহাটীত আছিল।

উল্লেখ্য যে নায়াৰা নূৰক যাদুকৰী কণ্ঠৰ বাবে ২০০৬ চনত ‘বুলবুল-ই-পাকিস্তান’ৰ উপাধি প্ৰদান কৰা হৈছিল।

FavNz78XgAIIT 7

ৰং বছাত নে ভৰে কুছ ত’, ‘ফিৰ ছাৱন ৰুথ কি পৱন চলি তুম য়াদ আয়ে’, আয়ে ইস্ক হমে বৰবাদ না কৰ’, ‘বৰ্ষা বৰচে চত পৰ’ আৰু ‘মে তেৰে স্বপ্নে দেখো’ আদি আছিল তেওঁৰ জনপ্ৰিয় গজল।

উল্লেখযোগ্য যে নায়াৰা নূৰ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ট আছিল।

সংগীতৰ ক্ষেত্ৰত তেওঁ কোনো আনুষ্ঠানিক প্রশিক্ষণ গ্রহণ কৰা নাছিল।