অলৌকিক! ২০ ফুট দ কুঁৱাৰ ভিতৰত পৰিও জীৱন্তে উদ্ধাৰ এটি সদ্যোজাত দেৱশিশু, ফনা মেলি সুৰক্ষা দিলে বিষাক্ত সাপে…

নিউজ ডেস্কঃ যেন শ্ৰীকৃষ্ণৰ কাহিনী!

গাঁওবাসীৰ বিশ্বাস- ঈশ্বৰৰ আশীৰ্বাদ অবিহনে সম্ভৱ নহয় এনে ঘটনা।

২০ ফুট দ কুঁৱাত পৰাৰ পিছতো সৰু কিছু আঘাতৰ বাহিৰে আন একো নহ’ল এটি নৱজাতকৰ।

আনহাতে শিশুটিক কুঁৱাৰ পৰা উদ্ধাৰ কৰা এজন বৃদ্ধৰ মতে, কুঁৱাৰ ভিতৰত ফনা মেলি শিশুটিক সুৰক্ষা দিছিল এডাল বিষাক্ত সাপে।

এই ‘অলৌকিক’ শিশুটিকে চাবলৈ এতিয়া সোঁত বৈছে অনেক লোকৰ। সকলোৱে একেমুখে মানি লৈছে ঈশ্বৰৰ মহিমাক।

এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বদায়ুন জিলাত।

সদ্যোজাত দেৱশিশুটি কিদৰে ২০ ফুট গভীৰ কুঁৱাৰ ভিতৰত পৰিল সেয়া নিশ্চিত নহয়।

কিন্তু স্থানীয় নিৱাসী ৫০ বৰ্ষীয় প্ৰেম ৰাজ আৰু তেওঁৰ পত্নী সোমৱতী দেৱীয়ে পুৱা পথাৰলৈ কাম কৰিবলৈ গৈ থকা সময়তে শিশুৰ কান্দোন শুনিবলৈ পায়।

ইয়াৰ পিছত দম্পতীহালে ক’ৰ পৰা কান্দোনটো আহিছে সেয়া উমান লোৱাত পথাৰৰ মাজত থকা এটা শুকান কুঁৱাৰ পৰা শিশুটিৰ কান্দোন ভাঁহি অহা বুলি নিশ্চিত হয়।

তাৰ পিছতে প্ৰেম ৰাজে শিশুটিৰ উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰে।

সদ্যোজাত শিশুটিক উদ্ধাৰৰ পিছত প্ৰেমৰাজে জানিবলৈ দিয়া মতে, কুঁৱাৰ ভিতৰত শিশুটিৰ কাষতে ফনা মেলি ৰৈ আছিল এডাল বিষাক্ত সাপ।

অৱশ্যে তেওঁক দেখা পোৱাৰ পিছতে সাপডাল সেই স্থানৰ পৰা আঁতৰি যায়।

শিশুটিক উদ্ধাৰৰ পিছত দম্পতীহালে প্ৰথমে স্থানীয় চৰকাৰী হাস্পতালত ভৰ্তি কৰায় যদিও পিছত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে জানিবলৈ দিয়া মতে মাত্ৰ কেইঘণ্টামান পূৰ্বে জন্মগ্ৰহণ কৰা দেৱশিশুটি ওপৰৰ পৰা পৰাৰ বাবেই শৰীৰৰ দুই এঠাইত আঘাত পাইছে।

কিন্তু শিশুৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।

ইফালে ২০ ফুট গভীৰ কুঁৱাৰ ভিতৰত পৰিও অলৌকিকভাৱে প্ৰাণৰক্ষা পৰা শিশুটিৰ কাহিনী বিয়পি পৰাৰ পিছতে শিশুটিক চাবলৈ হাস্পতাললৈ সোঁত বৈছে অনেক লোকৰ।

শিশুটিক কোনে আৰু কি কাৰণে কুঁৱাৰ ভিতৰত পেলাই থৈ গৈছিল সেই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়েও।