নিউজ ডেস্কঃ গংগাৰ সোঁতত উটি যোৱা এটা বান্দৰৰ জীৱন ৰক্ষা পৰিল বজৰংগবলী হনুমানৰ বাবে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে এয়া এক চমৎকাৰ বুলি অভিহিত কৰিছে স্থানীয় ৰাইজে।
দৰাচলতে দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদত সংঘটিত হয় এই ঘটনা।
শনিবাৰে সন্ধিয়া গাজিয়াবাদৰ মুৰাদনগৰত অৱস্থিত গংগা খালত হঠাৎ বান্দৰ পিচলি পৰে আৰু পানীত সোঁতত বহু দূৰ উটি যায়।
বান্দৰটোৱে বাৰে বাৰে পাৰলৈ উঠাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

অৱশেষত গংগাৰ মাজত স্থাপন কৰা হনুমানৰ এটা প্ৰতিমূৰ্তিত ধৰি কোনোমতে বান্দৰটোৱে উটি যোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।
স্থানীয় লোকে প্ৰকাশ কৰা মতে, হনুমানৰ প্ৰতিমূৰ্তিটো সাৱটি শনিবাৰৰ গোটেই নিশাটো বহি ৰয় বান্দৰটোৱে।
পিছত দেওবাৰে স্থানীয় লোকে বান্দৰটোক প্ৰত্যক্ষ কৰি নাওৰে বান্দৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পিছতে এয়া এক অলৌকিক ঘটনা বুলি ব্যাখ্যা আগবঢ়াইছে বিভিন্নজনে।
বান্দৰ আৰু হনুমানৰ মাজত থকা সম্পৰ্কক বজৰংগবলীয়ে এই বান্দৰটোৰ জীৱন ৰক্ষা কৰি প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে গংগাৰ পাৰৰ মন্দিৰৰ মহন্ত মুকেশ গোস্বামীয়ে।









