অমৰনাথ ধামৰ নিচেই কাষতে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, নিহত ১৫ জন, আহত শতাধিক…

জম্মু-কাশ্মীৰৰ অমৰনাথ ধামৰ নিচেই কাষতে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ।

ডাৱৰ বিস্ফোৰণৰ পিচত পানীৰ সোঁতে অমৰনাথ তীর্থযাত্ৰীৰ বহুকেইটা শিবিৰ উটুৱাই নিয়ে।

এই আকস্মিক বানত এই পৰ্যন্ত ১৫ গৰাকী তীর্থযাত্ৰীৰ মৃত্যু হয়।

পাহেলগামৰ নিয়ন্ত্ৰণ কক্ষৰ মতে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে। আহতসকলক হেলিকপ্টাৰেৰে স্থানান্তৰ কৰা হৈছে।

চৰকাৰী সূত্ৰৰ মতে আজি পুৱা ৫.৩০ বজাত অমৰনাথ ধামত ডাৱৰ বিস্ফোৰণৰ পিচতে প্রবল বৃষ্টিপাত হয়। ইয়াৰ পিচতে নামনিলৈ পানীৰ ধল নামি আহে।

image 81
অমৰনাথ ধামৰ নিচেই কাষতে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, নিহত ১৫ জন, আহত শতাধিক... 3

অমৰনাথৰ পার্বত্য মাজপথত ঠায়ে ঠায়ে শিবিৰ পাতি থাকে তীর্থযাত্রীসকল। এনে এঠাইত থকা শিবিৰসমূহৰ বহুকেইটা আকস্মিকভাৱে অহা তীব্ৰবেগী পানীৰ ধলে উটুৱাই নিয়ে আৰু বহুকেইজন লোক সন্ধানহীন হয়।

এই ঘটনাৰ পিচতে সাময়িকভাৱে অমৰনাথ যাত্রা স্থগিত ৰখা হৈছে।

ইপিনে এই উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ দিছে প্রধানমন্ত্রীয়ে। লগতে তেওঁ এই দুর্ঘটনাত নিহত লোকসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাইছে।

image 82
অমৰনাথ ধামৰ নিচেই কাষতে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, নিহত ১৫ জন, আহত শতাধিক... 4

অমৰনাথ যাত্ৰাৰ সময়ত সংঘটিত ঘটনাৰ পিছত জনসাধাৰণৰ সুবিধাৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰে হেল্পলাইন নম্বৰ জাৰি কৰিছে। কোৱা হৈছে যে, যিকোনো ধৰণৰ সহায়ৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰি।

পহেলগামৰ যুটীয়া আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ 09596779039, 09797796217, 1936243233, 01936243018। ইয়াৰ উপৰিও, অনন্তনাগ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে 09596777669, 09419051940, 01932225870 আৰু 01932222870 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।