অভাৱেই আৱিস্কাৰৰ মূল! শয্যাগত মাতৃৰ অভাৱ পূৰাবলৈ দিব্যাংগ কন্যাৰ বাবে শ্ৰমিক পিতৃয়ে সাজি উলিয়ালে ‘মা ৰবট’…

নিউজ ডেস্কঃ অভাৱেই আৱিস্কাৰৰ মূল। সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে গোৱাৰ এগৰাকী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ শ্ৰমিকে।

দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে শ্ৰমিক বিপিন কদমৰ পত্নী। আনফালে ১৪ বছৰীয়া দিব্যাংগ কন্যাও হুইল চেয়াৰত আৱদ্ধ।

image 204
অভাৱেই আৱিস্কাৰৰ মূল! শয্যাগত মাতৃৰ অভাৱ পূৰাবলৈ দিব্যাংগ কন্যাৰ বাবে শ্ৰমিক পিতৃয়ে সাজি উলিয়ালে 'মা ৰবট’… 5

এনে পৰিস্থিতিত বিশেষভাৱে সক্ষম কন্যাৰ চোৱা-চিতা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল বিপিন কদমৰ।

এদিন কামলৈ নগ’লে খাবলৈ নোপোৱা পৰিয়ালটোৰ এনে অভাৱেই সম্ভৱ কৰি উলিয়ালে এক অভূতপূৰ্ব আৱিস্কাৰ।

image 203
অভাৱেই আৱিস্কাৰৰ মূল! শয্যাগত মাতৃৰ অভাৱ পূৰাবলৈ দিব্যাংগ কন্যাৰ বাবে শ্ৰমিক পিতৃয়ে সাজি উলিয়ালে 'মা ৰবট’… 6

শয্যাগত হৈ থকা ৰুগীয়া মাতৃৰ অভাৱ দূৰ কৰি দিব্যাংগ কন্যাক খাদ্য খুৱাই দিবলৈ এটা ৰবট সাজি উলিয়ায় শ্ৰমিক বিপিন কদমে।

কোনো প্ৰযুক্তিগত জ্ঞান নথকা স্বত্বেও একমাত্ৰ বিশেষভাৱে সক্ষম কন্যাৰ কথা চিন্তা কৰি বিপিন কদমে নিৰ্মাণ কৰা এই ৰবটৰ নাম দিছে ‘মা ৰবট’।

image 205
অভাৱেই আৱিস্কাৰৰ মূল! শয্যাগত মাতৃৰ অভাৱ পূৰাবলৈ দিব্যাংগ কন্যাৰ বাবে শ্ৰমিক পিতৃয়ে সাজি উলিয়ালে 'মা ৰবট’… 7

বিপিন কদমৰ এই অভিনৱ উদ্ভাৱনক গোৱা ষ্টেট ইন’ভেচন কাউন্সিলে ভূয়সী প্রশংসা কৰিছে।

image 206
অভাৱেই আৱিস্কাৰৰ মূল! শয্যাগত মাতৃৰ অভাৱ পূৰাবলৈ দিব্যাংগ কন্যাৰ বাবে শ্ৰমিক পিতৃয়ে সাজি উলিয়ালে 'মা ৰবট’… 8

লগতে এনেধৰণৰ বিভিন্ন উদ্ভাৱনী চিন্তাৰে কাম কৰি যাবলৈ বিপিন কদমক আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে ষ্টেট ইন’ভেচন কাউন্সিলে।