অবৈধ মাৰণাস্ত্ৰসহ দুই ভাতৃক আটক আৰক্ষীৰ

নিউজ ডেস্ক। গোলাঘাট কছাৰীহাতত পুনৰ উদ্ধাৰ এটা ৯ এম এম পিষ্টল।

গোলাঘাটত দৈনিক এতিয়া যেন উঠিছে পিষ্টল উজান।

মঙলবাৰে এৰেঙাপাৰত এজন যুৱকৰ হাতৰ পৰা পিষ্টল উদ্ধাৰ হোৱাৰ পিছতে এইবাৰ পুনৰ বুধবাৰে নিশা কছাৰীহাতত দুই যুৱকৰ পৰা উদ্ধাৰ এটা ৯ এম এম পিষ্টলসহ দুই জাঁই ৯ এম এম সক্ৰিয় গুলী আৰু দহ জাঁই পইণ্ট ২২ সক্ৰিয় গুলী উদ্ধাৰ কৰে।

কছাৰীহাতৰ ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃয়ে নিজৰ এখন ব্ৰইলাৰৰ দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো।

গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে পিষ্টলটো।

সম্প্ৰতি দুই ভাতৃ ক্ৰমে ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইনক গোলাঘাট আৰক্ষীয়ে জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে।

Leave a Comment