অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰত জড়িত ছাত্ৰ নেতাসহ ৩ জনক আটক, বাহন জব্দ

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ৰাজহ ফাঁকিৰে অবৈধভাৱে অসমত বিলাসী সুৰা সৰবৰাহৰ ঘটনা অব্যাহত আছে।

এইবাৰ অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ সৈতে জড়িত এজন ছাত্ৰ নেতাসহ ৩ জন লােক জালত পৰিল আৰক্ষীৰ।

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ বৰডুমচাত আৰক্ষীয়ে এ আৰ -১৩ ৬৪৮২ নম্বৰৰ বলেৰ’ বাহনখনৰ পৰা ওঠৰ কার্টন অৰুণাচলী সুৰা জব্দ কৰে।

G3 4
অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰত জড়িত ছাত্ৰ নেতাসহ ৩ জনক আটক, বাহন জব্দ 2

লগতে তিনিজন সৰবৰাহকাৰীকাে আটক কৰিবলৈ সক্ষম হয়।

ধৃত লােক তিনিজন হ’ল ক্ৰমে স্থানীয় বোকা পথাৰ গাঁৱৰ অৰুণ মৰাণ, হোলুংগুৰি গাঁৱৰ লৱণু সোণোৱাল আৰু একে গাঁৱৰে পৰাগ হাজৰিকা।

লক্ষণীয় যে ইয়াৰে ধৃত পৰাগ হাজৰিকা সদৌ অসম ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি।

এগৰাকী ছাত্ৰনেতা এনেদৰে অৰুণাচলী অবৈধ সুৰা ব্যৱসায়ীৰ সৈতে আটক হােৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।