অসমঅসমীয়া

অনলাইনত অনুষ্ঠিত হ’ব পৰৱৰ্তী নিয়ােগ মেলা, ঘােষণা মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰীৰ

নিউজ ডেস্ক। অসম চৰকাৰৰ দক্ষতা, নিয়ােগ তথা উদ্যমিতা বিভাগে বেচৰকাৰী প্ৰতিষ্ঠানৰ চাকৰিৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত কৰা নিয়ােগ মেলাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল বিতৰ্কৰ।

ঠায়ে-ঠায়ে সৃষ্টি হ’ল বিশৃংখলতা, বিভিন্ন আয়ােজন থলীত আবৰ্জনাত পৰি হ’ল নিবনুৱাৰ বায়’ডাটা।

নিয়ােগ মেলাৰ নামত হােৱা এনে বেমাজালিক লৈ সামাজিক মাধ্যমতাে বিভিন্ন চাকৰি প্ৰত্যাশীয়ে ক্ষােভ উজাৰিলে।

Unemployed-young-Boys-Girls-during-the-JOB-FAIR-JOB-MELA-under-the-skill-Employment-Entrepreneurship

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এনে হ’ব নালাগিছিল’ বুলি মুকলিকৈ প্ৰকাশ কৰিলে।

ইপিনে, বিভাগীয় মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰীয়ে পৰৱৰ্তী নিয়ােগ মেলা অনলাইনত অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে।

Industries-and-Commerce-Minister-Chandra-Mohan-Patowary-addressing-the-Media-during-the-State-Assemb

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ অধিকাংশ ঠাইতে নিয়ােগ মেলা নিয়াৰিকৈ অনুষ্ঠিত হ’ল যদিও গুৱাহাটীত কিছু খেলমেলি সৃষ্টি হােৱা দৃষ্টিগােচৰ হৈছিল।

পৰৱৰ্তী নিয়ােগ মেলা ভাৰ্চুৱেলী অনুষ্ঠিত কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে। ইয়াৰ বাবে নতুন পৰ্টেল তৈয়াৰ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *