
অধ্যাপিকা, মডেল ডঃ দীপালী দাসৰ দেহাৱসান…
নিউজ ডেস্ক। এক বেয়া খবৰ।
বিশিষ্ট শিক্ষাবিদ, অভিনেত্ৰী, মডেল ডঃ দীপালী দাসৰ দেহাৱসান।
কামৰূপ জিলাৰ মিৰ্জা স্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সদ্য অৱসপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বিশিষ্ট সমাজকর্মীৰ লগতে নাৰী সৱলীকৰণ আন্দোলনৰ অগ্রণী নেত্রী হিচাপে পৰিচিত আছিল ড° দীপালী দাস।
গুৱাহাটীৰ জুৰোড নিৱাসী ডঃ দীপালী দাস বিগত প্ৰায় ছমাহ ধৰি যকৃতৰ ৰােগত ভুগি আছিল।

মঙলবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।
মংগলবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত তেওঁ স্বামী অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অনুপ চক্ৰৱৰ্তী, দুজন পুত্ৰ, বোৱাৰীৰ লগতে পৰিয়ালৰ লোক আত্মীয়ক এৰি যায়।
তেওঁৰ মৃত্যুৰ খবৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজতাে গভীৰ শোকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে যােৱা বছৰ নতুন দিল্লীৰ ‘ক্ৰাউন প্লাজা’ত অনুষ্ঠিত মিছেছ ইণ্ডিয়া ইণ্টাৰনেছনেল কুইন, ২০২০ সৌন্দৰ্য প্ৰতিযোগিতাত ড০ দাসে ‘মিছেছ ইণ্ডিয়া ডিলিজেণ্ট’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
৫৯ বছৰ বয়সতাে সৌন্দৰ্য প্ৰতিযােগিতা জয় কৰা ডঃ দীপালী দাসৰ মডেলিঙৰ দৃশ্য সামাজিক মাধ্যমতাে ভাইৰেল হৈ পৰিছিল।
এগৰাকী লেখিকা, অভিনেত্ৰী আৰু নৃত্য শিল্পীৰূপে পৰিচয় থকা ডঃ দাসে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ আফ্ৰিকা, ছিংগাপুৰ আৰু বাংলাদেশতো নৃত্য প্ৰদৰ্শন কৰি সন্মানিত হৈছে।
২০১৯ত তেওঁ ‘মাল্টিফেচেটেড ওমেন অৱ আছাম’ তথা ‘ওমেন অৱ দ্যা ইয়াৰ, ২০১৯’ আৰু ২০২০ত ওমেন অৱ দ্যা চাবষ্টেঞ্চ’ বঁটাৰে সন্মানিত কৰা হৈছিল ডঃ দীপালী দাসক।
লগতে পঢ়কঃ






Pingback: ফােনত ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ! ৰেকৰ্ডিং ভাইৰেল হােৱাৰ পিছতে নিলম্বিত হ’ল শিক্ষক - NEWS8 NorthEast