অসম

অতিৰিক্ত ভাড়া নিদিয়াৰ বাবে মহিলা যাত্ৰীক হেলমেটেৰে প্ৰহাৰ ৰেপিড’ চালকৰ

যাতায়তৰ বাবে ব্যৱহাৰ হোৱা অনলাইন এপৰ চালক সকলৰ বিৰুদ্ধে অতিৰিক্ত ভাড়া দাবী কৰাৰ অভিযোগ উত্থাপিত হোৱা সঘনে দেখা যায়।

অতিৰিক্ত ভাড়া নিদিয়াৰ বাবে এগৰাকী মহিলা যাত্ৰীক হেলমেটেৰে প্ৰহাৰ কৰাৰ অভিযোগ এজন ৰেপিড’ চালকৰ বিৰুদ্ধে।

সোমবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা।

732

প্ৰহৃত যুৱতীগৰাকীয়ে জয়ানগৰৰ পৰা কুমাৰপাৰালৈ বুক কৰিছিল ৰেপিড’।

ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া যুৱতীগৰাকীয়ে চালকজনক অতিৰিক্ত ধন দিবলৈ অস্বীকাৰ কৰিছিল।

যাৰ পিছত চালকজনে অন্ধকাৰৰ সুযোগ লৈ যুৱতীগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

চালকজনক দীপেন গোহাঁই বুলি চিনাক্ত কৰা হৈছে।

পিছত, দিছপুৰ আৰক্ষীয়ে বাইকসহ আটক কৰে চালকজন।

Leave a Reply

Your email address will not be published. Required fields are marked *