অঘটন! বাইক আৰোহীক চাইড দিবলৈ যাওতেই দলঙৰ পৰা পিচলি পানীত পৰি গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ ছাত্ৰী…

নিউজ ডেস্কঃ কলিয়াবৰৰ মিছা দলঙত অঘটন!

দলঙৰ পৰা নৈৰ পানীত পৰি গুৰুতৰভাৱে আহত এগৰাকী স্কুলীয়া ছাত্ৰী।

দুখন বাইকক চাইড দিবলৈ কাষ চাপি আহোতেই ভৰি পিচলি দলঙৰ পৰা পৰি যায় ছাত্ৰীগৰাকী।

যাৰ ফলত আহত হয় মিছা ভূঞাপট্টিৰ নিৱাসী তথা দশম শ্ৰেণীৰ ছাত্ৰী সাক্ষী পাণ্ডে।

ইফালে ছাত্ৰীগৰাকী পানীত পৰা প্ৰত্যক্ষ কৰি একাংশ লোকে ততাতৈয়াকৈ সাক্ষীক উদ্ধাৰ কৰি ভৰ্তি কৰে হাস্পতালত।

বৰ্তমান কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীয়ে টিউশ্যনৰ পৰা ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই ঘটনা।

লেহেমীয়া গতিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি থকাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।