অসম

অখিল গগৈক কিনিবলৈ কাৰো দম নাই, বিক্ৰী যোৱা মানুহ অখিল গগৈ নহয়ঃ অখিল গগৈ…

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ-AIUDF-ৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ।

যাকে লৈ বিৰোধী বিধায়কৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে বুকুত ঢকিয়াই অখিল গগৈয়ে কয়- ‘অখিল গগৈক কিনিবলৈ কাৰো দম নাই। অখিল গগৈ হয়, বিক্ৰী যোৱা মানুহ অখিল গগৈ নহয়।’

গগৈয়ে কয়- সকলোফালৰ বক্তব্যবোৰ দুৰ্ভাগ্যজনক। আমি সাম্প্ৰদায়িক আৰু ফেচীবাদী বিজেপিক পৰাভূত কৰিব লাগে।

আমি বিৰোধীসকলে এজন প্ৰতিনিধিও দিল্লীলৈ পঠাবো পৰাতো গুৰুত্বপূৰ্ণ কথা বুলি মন্তব্য কৰে অখিলে।

লগতে তেওঁ কয়- আমাৰ মাজত যদি সংঘাত হয়, আমাৰ মাজত যদি ষড়যন্ত্ৰ হয় বা আমাৰ কোনোবাই যদি চৰকাৰী পক্ষ গ্ৰহণ কৰিব খোজে, তেতিয়া তেওঁ ক্ষমা কৰা নহ’ব। অসমৰ ৰাইজেও ক্ষমা কৰা উচিত নহয়।

অখিলে কয়- বিৰোধী একলগ নহ’লে বিজেপিয়ে সুবিধা আদায় কৰিব। আমি বিৰোধী একলগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *