অংশ লোৱা নাছিল ভাৰত জোড়ো যাত্ৰাত! যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ অংকিতা দত্তক…

নিউজ ডেস্কঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ অংকিতা দত্তক।

দল বিৰোধী কাম কৰাৰ অভিযোগত অপসাৰণ ড০ অংকিতা দত্তক।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাছিল অংকিতা দত্তই।

ভাৰত জোড়ো যাত্ৰাত সক্ৰিয়ভাৱে অংশ নোলোৱা কংগ্ৰেছ নেতাৰ তালিকা বিচাৰিছিল ৰাষ্ট্ৰীয় কংগ্ৰেছে।

তাৰ পিছতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা হয় অংকিতা দত্তক।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা দত্ত।

ৰাজ্য চৰকাৰ বিৰোধী প্ৰতিবাদত প্ৰায়ে সৰৱ হৈ পৰা দেখা গৈছিল অংকিতা দত্তক।

অন্যহাতে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ পূৰ্বে এনেদৰে অংকিতা দত্তক অপসাৰণ কৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।