নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযােগিতাত উজলিল গুৱাহাটীৰ বনস্মিতা কাশ্যপ।
নতুন দিল্লীত দেশৰ ৰাষ্ট্ৰপতিয়ে সন্মানিত কৰিলে প্ৰতিযােগিতাত প্ৰথম স্থান দখল কৰা ছাত্ৰীগৰাকীক।
উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত কেন্দ্রীয় শক্তি মন্ত্রালয়ে শক্তি সংৰক্ষণৰ ওপৰত অনুষ্ঠিত কৰিছিল এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্রতিযোগিতা।

এই প্রতিযোগিতাৰ ‘খ’ শাখাত গুৱাহাটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বনস্মিতা কাশ্যপ প্রথম হৈছিল।
বুধবাৰে শক্তি মন্ত্রালয়ে বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা আৰু সন্মান গ্রহণ কৰে বনস্মিতাই।
উল্লেখ্য যে শক্তি মন্ত্রালয়ে বনস্মিতাই অংকন কৰা ছবিখন ৰাষ্ট্ৰপতি দ্রৌপদী মুমুক উপহাৰ হিচাপে প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০১৮ চনতো শক্তি মন্ত্ৰালয়ৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘চিত্রাংকণ প্রতিযোগিতাত বনস্মিতা কাশ্যপে সফলতা অৰ্জন কৰিছিল।
বনস্মিতা কাশ্যপ গুৱাহাটীৰ বতাহঘুলিৰ বাসিন্দা প্ৰশান্ত দাস আৰু গীনিতা দাসৰ জীয়ৰী।