অঘটন! চাহ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত প্রাণ গ’ল বিশিষ্ট চাহ ব্যৱসায়ীৰ

নিউজ ডেস্ক। চাহ বাগিচাত অঘটন।

চাহৰ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত প্ৰাণ গ’ল বিশিষ্ট চাহ ব্যৱসায়ী হিতেশ্বৰ ওৰফে ভাইটি কছাৰী (৫০)।

তিনিচুকীয়া জিলাৰ পেঙেৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

পেঙেৰী নিবাসী ভাইটি কছাৰীয়ে ৩নং ডিব্ৰুজানত থকা নিজা চাহ বাগিচাত অত্যাধুনিক মেচিনেৰে কলম কটা কাৰ্যৰ তদাৰক কৰিবলৈ গৈছিল।

1 2
অঘটন! চাহ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত প্রাণ গ’ল বিশিষ্ট চাহ ব্যৱসায়ীৰ 3

নিজা শ্রমিকে কলম কটা ঠাইৰ পৰা প্ৰায় ২০ ফুট আঁতৰত থকা চকী এখনত বহি কাম চাই আছিল।

তেনে সময়তে আকস্মিকভাৱে চাহ কলম কৰা মেচিনৰ পৰা সুলকি অহা এখন ক্ষুৰধাৰ ব্লেডে নিমিষতে ব্যৱসায়ীজনৰ বুকুত আঘাত কৰে। লগে লগে ৰক্তাক্ত হৈ পৰে ব্যৱসায়ীজন।

সংকটজনক অৱস্থাত কছাৰীক ততাতৈয়াকৈ তিনিচুকীয়াৰ চিটি হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

3 2 1
অঘটন! চাহ কলম কৰা মেচিনৰ ব্লেডৰ আঘাতত প্রাণ গ’ল বিশিষ্ট চাহ ব্যৱসায়ীৰ 4

পাচত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষা কৰাই কছাৰীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সহস্রাধিক গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত কছাৰীয়ে দুই পত্নী, দুই পুত্ৰ-কন্যা আৰু বোৱাৰীসহ আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি গৈছে।