ৰাজ্যত আকৌ হ’ব বৰষুণ! আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্কএ ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা।

বুধবাৰৰ পৰা অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া মতে ৰাজ্যৰ ঠায়ে ঠায়ে পাতল বৰষুণ হোৱাৰ লগতে প্ৰবল বৃষ্টিপাত আৰু শিলাবৃষ্টিৰো সম্ভাৱনা আছে।

ইফালে অসমৰ লগতে অৰুণাচল প্ৰদেশতো বৰষুণ আৰু হিমপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে, ৰাজ্যত সৰস্বতী পূজা পালনৰ সময়তে প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰভাৱ পেলাইছে।

শিলাবৃষ্টিৰ ফলত কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, বৰপেটা, মঙ্গলদৈ আদিকে ধৰি বহু অঞ্চলৰ কৃষকৰ শ শ বিঘা ভূমিৰ খেতি বিনষ্ট হৈছিল।

Leave a Comment