অসমঅসমীয়া

গুৰুতৰভাৱে অসুস্থ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশর্মা, GMCHত ভৰ্তি

নিউজ ডেস্ক। গুৰুতৰভাৱে অসুস্থ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশর্মাক ভৰ্তি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

অসুস্থ বুঢ়া সত্ৰীয়া গৰাকীক মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত জিএমচিএইচত ভৰ্তি কৰা হয়।

জানিব পৰা মতে, যকৃতত পানী জমা হোৱাৰ ফলত দেওবাৰে বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশর্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

99

চিকিৎসাৰ অন্তত তেওঁ কিছু সুস্থ হৈ উঠে যদিও মঙ্গলবাৰে পুৱাৰে পৰা পুনৰ অসুস্থ অনুভৱ কৰাত সন্ধিয়াৰ ভাগলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন হৈ থকা বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

ইফালে বুঢ়া সত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বৰপেটা সত্ৰ পৰিচালনা সমিতি আৰু বৰপেটাবাসীৰ লগতে তেওঁৰ গুণমুগ্ধসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *