ৰাজপথত দাওদাওকৈ জ্বলি উঠিল টয়’টা বাহন, সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা চালকৰ

নিউজ ডেস্ক। মহানগৰীৰ সমীপৰ সোণাপুৰৰ চামতাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

বাহনখনে এক দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে জুইৰ সূত্ৰপাত ঘটে টয়’টা বাহনখনত। যাৰ ফলত অঞ্চলটোত আতংকই বিৰাজ কৰে।

G2 9
ৰাজপথত দাওদাওকৈ জ্বলি উঠিল টয়’টা বাহন, সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা চালকৰ 2

জানিব পৰা মতে, এএছ ০৬জে ৭৫৬২ নম্বৰৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী টয়’টা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে কালভাৰ্টৰ ৰেলিঙত।

যাৰ ফলত বাহনখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটি নিমিষতে সম্পূৰ্ণ বাহনখন দাবানলে বেঢ়ি ধৰে।

অৱশ্যে এই অগ্নিকাণ্ডৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনৰ চালক জনৰ।

Leave a Comment