অসম

ৰাইজৰ ৰোষত ভুৱা বেংক বিষয়া, ঋণ দিয়াৰ নামত ব্যৱসায়ীৰ পৰা সৰকাইছিল ৬ লাখ টকা…

ৰাজ্যত প্ৰায়ে সংঘটিত হ’ব ধৰিছে ইটোৰ পিছত সিটো প্ৰৱঞ্চনাৰ ঘটনা।

এইবাৰ ঋণ দিয়াৰ নামত ব্যৱসায়ীৰ পৰা ৬ লাখ টকা সৰকাই ৰাইজৰ ৰোষত পৰিল দুগৰাকী ভুৱা বেংক বিষয়া।

ঘটনাটো সংঘটিত হৈছে গহপুৰ থানাৰ অন্তৰ্গত বালিজান চাৰিখেলিয়াৰ।

জানিব পৰা মতে নিজকে ইউক’ বেংকৰ জিনজিয়া শাখাৰ বেংক বিষয়া বুলি পৰিচয় দিয়া গহপুৰ নগৰৰ কলেজগুৰিৰ গৌতম কাকতি (৩৫) আৰু ঘাঁহিগাঁৱৰ শোণিত জ্যোতি শৰ্মা (৩৮)ই ২০ লাখ টকাৰ ঋণ দিয়াৰ প্ৰস্তাৱ দি বালিজান চাৰিখেলিয়াৰ জয়ন্ত বৰুৱা নামৰ এগৰাকী ব্যৱসায়ীৰ কাষ চাপে।

ইয়াৰ পিছতে ব্যৱসায়ী জয়ন্ত বৰুৱাই ঋণ লোৱাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি তেওঁলোকৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰাত চলিত বৰ্ষৰ যোৱা জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পৰা ঋণ দিয়া আৰু লোৱাৰ ক্ষেত্ৰত উভয় পক্ষৰ মাজত কথা-বতৰা চলে।

পৰৱৰ্তী সময়ত ভুৱা বেংক বিষয়াদ্বয়ে ২০ লাখ টকাৰ ঋণ অনুমোদন কৰাৰ বাবদ জয়ন্ত বৰুৱাৰ পৰা অনুমোদনৰ খৰচকে ধৰি বেংকৰ বিভিন্ন খৰচৰ বিনিময়ত কিস্তি কিস্তিকৈ মুঠ ৬ লাখ টকা সৰকায়।

এই টকা জয়ন্ত বৰুৱাই নিজৰ আলট্রা গাড়ীখন লীজত দি আৰু পত্নীৰ সোণৰ গহনা বন্ধকত দি আদায় দিয়ে বুলি সাংবাদিকৰ আগত জানিব দিয়ে।

কিন্তু দিনৰ পাছত দিন, মাহৰ পাছত মাহ বাগৰাৰ পাছতো জয়ন্ত বৰুৱাই ঋণ লাভ নকৰাত তেওঁলোকৰ গতিবিধিত সন্দেহ উপজিবলৈ লয়।

ইপিনে গৌতম আৰু শোণিতে আজি হ’ব কাইলৈ হ’ব বুলি কৈ কৈ জয়ন্তক ঠগন দি অহাৰ সময়তে বুধবাৰে বালিজান চাৰিখেলিয়াৰ ৰাইজৰ হাতত বন্দী হয় শোণিত জ্যোতি শৰ্মা ৷

জানিব পৰা মতে ঋণ দিয়াৰ নামত পুনৰ ৫ হেজাৰ টকা আনিবলৈ জয়ন্ত বৰুৱাৰ ঘৰলৈ যাওঁতে ৰাইজৰ হাতত বন্দী হয় শোণিত জ্যোতি শৰ্মা।

ইয়াৰ পাছতে সমবেত ৰাইজে তেওঁক আঠুকঢ়াই কাণত ধৰোৱাৰ লগতে লপা থপা দি সোনকালে ৬ লাখ টকা জয়ন্ত বৰুৱাক ঘূৰাই দিবলৈ সতৰ্ক কৰি দিয়ে।

ঋণ দিয়াৰ নামত জয়ন্ত বৰুৱাক সৰ্বস্বান্ত কৰি তোলা গৌতম কাকতি আৰু শোণিত জ্যোতি শৰ্মাৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা ল’বলৈ গহপুৰ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে সচেতন ৰাইজে।

Related Articles

Back to top button