অসম
ঘৰৰ পৰাই সন্ধানহীন কণমানি শিশু, পুখুৰীত উদ্ধাৰ মৃতদেহ

শুকুৰবাৰে ঘৰৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন কণমানি শিশুৰ মৃতদেহ ঘৰৰ কাষৰে পুখুৰীত উদ্ধাৰ।
ঢেকীয়াজুলিত সংঘটিত হৈছে এক শােকাৱহ ঘটনা।
মৃত শিশুটি ঢেকীয়াজুলিৰ ঘগৰা কছাৰী গাঁৱৰ বাসিন্দা খুনেশ্বৰ বসুমতাৰীৰ ৪বছৰীয়া পুত্ৰ দৈচাং বসুমতাৰী।

জানিব পৰামতে, শুকুৰবাৰে দুপৰীয়া ১ বজাৰ পৰা নিখোজ হৈ আছিল কণমানি দৈচাং বসুমতাৰী।
পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো ধৰণৰ সম্ভেদ লাভ নকৰাত আৰক্ষীৰ কাষ চাপে।
ইপিনে, শনিবাৰে পুৱা ঘৰৰ কাষৰে এটা পুখুৰীত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
এই ঘটনাই অঞ্চলজুৰি গভীৰ শােকৰ ছাঁ পেলাইছে।
লগতে চাওকঃ
মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ
