IAY-ৰ ঘৰৰ নামৰ বৃহৎ কেলেংকাৰি! চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ BDOসহ অভিযন্তা…

পুনৰ চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়া।

চৰকাৰী ধন আত্মসাৎ কৰি এইবাৰ গ্ৰেপ্তাৰ হ’ল BDOসহ এগৰাকী অভিযন্তা।

বাক্সাৰ শালবাৰীত দুই চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ।

আৰক্ষীৰ জালত গোৱৰ্ধনা ব্লকৰ প্ৰাক্তন BDO মোজাম্মেল হুছেইন আৰু কনিষ্ঠ অভিযন্তা ৱাজেদ আলী আহমেদ।

বড়িগোগ বনভাগ ব্লকৰ সহকাৰী অভিযন্তা ৱাজেদ আলী।

২০১৫ৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ কেলেংকাৰিত অভিযুক্ত দুয়োগৰাকী বিষয়া।

IAYৰ ২৩টা ঘৰৰ হিতাধিকাৰীক বঞ্চিত কৰিছিল অভিযুক্তদ্বয়ে।

IAYৰ ঘৰক লৈ হৈছিল বুজন পৰিমাণৰ ধনৰ লেনদেন।

অভিযুক্ত বিষয়াদ্বয়ক সহায় কৰিছিল VCDCৰ অধ্যক্ষ আখতাৰ হুছেইন তালুকদাৰে।

অক্টোবৰত আৰক্ষীৰ জালত পৰে VCDCৰ অধ্যক্ষজন।