ৰজা আহিছে প্ৰজাৰ বিলৈ! প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে যাতনা ভুগিছে সাধাৰণ জনতাই…

কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰৰ সাধাৰণ জনতা। কিয়নো চিটিবাছৰ অভাৱ।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীৰ বাবে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ শ-শ বাছ অধিগ্ৰহণ কৰিছে বিজেপিয়ে।

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ অধিকাংশ বাছ লৈ যাৱত পণবন্দী হৈ পৰিছে যাত্ৰী।

২৫০ টকীয়া ভাড়াৰ ঠাইত ভৰিব লগা হৈছে ৮০০ টকালৈ।

একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীবাসীৰ লগতে ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত।

প্ৰধানমন্ত্ৰীৰ সভালৈ জনতাক নিবৰ বাবে ৰাজ্যৰ প্ৰায় ১০ হাজাৰ বাছ অধিগ্রহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে কেৱল গুৱাহাটী মহানগৰৰ প্ৰায় ৫০০ চিটিবাছ অধিগ্রহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ১০ হাজাৰ বাছ অধিগ্রহণ কৰাত ৰাজ্যজুৰি যান-বাহনৰ অভাৱৰ বাবে সাধাৰণ জনতাই অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত পাঁচ লাখ লোক বিভিন্ন জিলাৰ পৰা আনি সমবেত কৰিবলৈ লক্ষ্য স্থিৰ কৰি দুয়োখন সভালৈ মানুহ আনিবলৈ প্ৰায় দহ হাজাৰখন বাছ, ট্ৰেভেলাৰ, টাটা চুম’, ইন’ভা আদি বাহনৰ ব্যৱস্থা কৰা হৈছে।

এই বাহনসমূহৰ ভাড়াৰ বাবদ প্ৰায় ২৫ কোটি টকা পৰিশোধ কৰা হ’ব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব, য’ত তেওঁ ডিব্ৰুগড়ত সাতখন নতুন কৰ্কট ৰোগ চিকিৎসালয় উদ্বোধন কৰিব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ অসমত সাতখন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব।

Leave a Comment