অসমীয়াৰাষ্ট্ৰীয়

৩ কন্যা সন্তানৰ পিতৃয়ে বিচাৰিছিল এটা পুত্ৰ সন্তান! কিন্তু পত্নীয়ে জন্ম দিলে ৪টা সন্তান

নিউজ ডেস্কঃ বুঢ়া বয়সত চোৱা-চিতা কৰিবলৈ ল’ৰা এটা লাগে!

হাতৰ লাখুটিডাল হ’ব পৰাকৈ ল’ৰা এটা লাগে, অন্ততঃ মৰিলে সাঙীখন কান্ধ পাতি ল’বলৈকে লাগে ল’ৰা এটা। সেইবাবেই ভাৰতীয় সমাজ ব্যৱস্থাত কন্যা সন্তানতকৈ ল’ৰা সন্তানক অধিক গুৰুত্ব দিয়া হৈ আহিছে।

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তিনি কন্যা সন্তানৰ পিতৃ মনোজ কুমাৰ। পেছাত অটো চালক তেওঁ।

তেঁৱো বিচাৰিছিল পুত্ৰ সন্তান এটা। পুত্ৰ সন্তান বিচাৰোতেই এটা এটাকৈ তিনিটা কন্যা সন্তানৰ পিতৃ হ’ল মনোজ। কিন্তু তাৰ পিছতো তেওঁ আশা এৰি দিয়া নাছিল এটা পুত্ৰ সন্তান লাভ কৰাৰ।

image 269

কিন্তু ইশ্বৰে যেন অলপ বেলেগকৈয়ে শুনিলে মনোজৰ প্ৰাৰ্থনা। যাৰ বাবে এতিয়া অথাই সাগৰত পৰিছে অটো চালক মনোজ।

সহায়ৰ বাবে আহ্বান জনাইছে চৰকাৰ আৰু চিকিৎসক। দুশ্চিন্তাত ভুগিছে এতিয়াৰে পৰাই- কেনেকৈ লালন পালন কৰিব ল’ৰা ছোৱালী কেইটাৰ।

দিল্লীৰ ট্ৰান্স যমুনা অঞ্চলৰ জয় আম্বে হাস্পতালত মনোজৰ পত্নী খুছবুৱে সোমবাৰে জন্ম দিছে একেলগে চাৰিটাকৈ সন্তান।

ইয়াৰে তিনিগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান।

পুত্ৰ সন্তান লাভ কৰি সুখী মনোজ, কিন্তু এতিয়া ৭ টাকৈ সন্তানৰ পিতৃ হৈ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে মনোজ।

photo1656488003

জানিব পৰা মতে, এটমদৌলাৰ প্ৰকাশ নগৰ লোকালিটিৰ নিৱাসী মনোজ কুমাৰৰ পত্নী খুচবুৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল বহু দিন পূৰ্বেই।

তাৰ পিছতে পত্নীক হাস্পতাললৈ লৈ যোৱাত আলট্ৰাচাউণ্ডত যমজ সন্তান থকাৰ সন্দেহ কৰে চিকিৎসকে। কিন্তু পৰৱৰ্তী সময়ত খুচবুৱে একেলগে জন্ম দিয়ে ৪টা সন্তান।

পূৰ্বৰ তিনি কন্যা সন্তানৰ সৈতে মিলাই এতিয়া ৭টা সন্তানৰ পিতৃ-মাতৃ হৈছে মনোজ আৰু খুচবু। কিন্তু আৰ্থিকভাৱে অতি দুৰ্বল মনোজে সন্তান কেইটাৰ ভোৰণ পোষণ সঠিকমতে কৰিব পাৰিব নে নাই তাক লৈ চিন্তিত হৈ পৰিছে। যাৰ বাবে তেওঁ বিচাৰিছে চৰকাৰ আৰু চিকিৎসকৰ সহায়।

আনহাতে সদ্য জন্মপ্ৰাপ্ত আটাইকেইটা শিশু সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে।

চিকিৎসালয়খনৰ পৰিচালক ডাঃ মহেশ চৌধুৰীয়ে জনোৱা মতে, খুচবু আৰু তেওঁৰ চাৰিটা সন্তান বৰ্তমান হাস্পতালতে আছে।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজ্বলিছে দুই যুগ্ম যমজ ভগ্নী, প্ৰথম বিভাগত উত্তীৰ্ণ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত

veena and vaani

Related Articles

Back to top button