fbpx
অসমীয়াঅসম

২২ এপ্ৰিলত অসমলৈ আহিব মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডন! বেলতলা ব’হাগী উৎসৱ সমিতিৰ পৰা গ্ৰহণ কৰিব ‘ডঃ ভূপেন হাজৰিকা বঁটা’…

নিউজ ডেস্কঃ বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব ২০২৩ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা।

শনিবাৰে এই কথা ঘোষণা কৰিছে বেলতলা বিহু উদযাপন সমিতিয়ে।

উল্লেখ্য যে, সুধাকণ্ঠৰ স্মৃতিক প্ৰতি ব’হাগত এগৰাকীকৈ শিল্পীক ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে বেলতলা বিহুৰ উদযাপন সমিতিয়ে।

২০২৩ বৰ্ষৰ এই বঁটা হিন্দী ছবিজগতৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে।

বেলতলা বিহু উদযাপন সমিতিয়ে সদৰী কৰা মতে, অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বেলতলা ব’হাগী উৎসৱত অংশ ল’ব অভিনেত্ৰী ৰবীনা টেণ্ডনে।

সেই সময়তে তেওঁক এই বঁটা প্ৰদান কৰিব উদযাপন সমিতিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!