
নিউজ ডেস্ক। পুনৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসমৰ দুগৰাকী তাৰকা এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইয়ে।
চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিক্ছ চেম্পিয়শ্বিপত ২০০ মিটাৰ দৌৰত পুৰুষ আৰু মহিলা শাখাত স্বর্ণ পদক আৰু ৰূপৰ পদক জয় ক্ৰমে অম্লান-হিমাৰ।

উল্লেখ্য যে প্রতিযোগিতাখনত ইতিপূৰ্বে ১০০ মিটাৰ দৌৰত স্বর্ণ পদক জয় কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে অম্লান-হিমাই।
মংগলবাৰে পুনৰ অম্লানে পুৰুষৰ ২০০ মিটাৰ দৌৰ ২১ ছেকেণ্ডত সম্পূৰ্ণ কৰি স্বৰ্ণ পদক অৰ্জন কৰে।

আনহাতে, মহিলাৰ ২০০ মিটাৰত অসম কন্যা হিমা দাসে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

হিমাই ২৩.২৯ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰে।
উল্লেখ্য যে হিমা দাসৰ প্ৰতিযোগিতাখনত এইটো তৃতীয় পদক।
তেওঁ ১০০ মিটাৰত স্বৰ্ণ পদক জয় কৰাৰ পিছত ৪০০ মিটাৰ ৰিলে দৌৰতো সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
আনহাতে, প্ৰতিভাৱান দৌৰবিদ অম্লানে প্রতিযোগিতাখনত দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে।
তেওঁ ১০০ মিটাৰত ইতিমধ্যে সোণৰ পদক দখলেৰে ভাৰতৰ দ্ৰুততম পুৰুষৰূপে পৰিগণিত হয়।