কবি জীৱন চন্দ্ৰ শৰ্মাৰ আকস্মিক বিয়োগ

নিউজ ডেস্ক। দৰঙৰ প্ৰতিষ্ঠিত কবি তথা মঙলদৈ ৰূপহী পাম নিৱাসী জীৱন শৰ্মা আৰু নাই।

তেওঁ দৰং জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সােমবাৰে নিশা তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

photo 2022 06 15 12 31 42
কবি জীৱন চন্দ্ৰ শৰ্মাৰ আকস্মিক বিয়োগ 2

মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪৮ বছৰ।

উল্লেখ্য যে তেওঁ বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল।

তেওঁ ‘অনামিকা তুমি হাঁহি মাতি থাকিবা’ শীর্ষক কাব্যগ্ৰন্থৰ স্ৰষ্টা।

মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

যুৱ কবিজনৰ মৃত্যুত দৰং জিলা কবি সন্মিলনৰ সভাপতি প্রফুল্ল দেৱ শৰ্মা, সম্পাদক পংখী কাজল কায়স্থ, দৰং জিলা কবি সমাজৰ সভাপতি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া, সম্পাদক জয়ন্ত ৰাজবংশীকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে।