আন্তঃৰাষ্ট্ৰীয়
১৩ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ ৪৬ গৰাকী লোকৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ অগ্নিকাণ্ড।
এটা ১৩ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
যাৰ ফলত ৪৬ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে বহু লোক আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজিছে বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে টাইৱানৰ কাউশ্বুং চহৰত।

ঘটনাস্থলীত ৭৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ১৩ মহলীয়া অট্টালিকাটৱেই একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হয়।
বৰ্তমানলৈ সেই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।