অসম

হৃদয়বিদাৰক! গাড়ীৰ অভাৱত হাস্পতালৰ ষ্ট্ৰেচাৰেৰে ঠেলি ঠেলি নিবলগা হ’ল মৃতদেহ…

এইখন অসমৰে এখন হৃদয়বিদাৰক ছবি।

যি দৃশ্য স্বচক্ষুৰে দেখিলে আপোনাৰ অন্তৰ আত্মা কঁপি উঠিব।

মৃতদেহ কঢ়িয়াবলৈ হাস্পতালত নাই গাড়ী, সেয়ে ষ্ট্ৰেচাৰত তুলি আঢ়ৈ কিলোমিটাৰ বাট আত্মীয়ই ঠেলি ঠেলি লৈ গ’ল মৃতদেহ।

এই ঘটনা সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিত।

জানিব পৰা মতে, শুৱালকুছিৰ ৰাজগড়ৰ বিনোদ ৰাজবংশী নামৰ এজন লোক হঠাতে অসুস্থ হৈ পৰাত লোকজনক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি মহাত্মা গান্ধী গ্ৰাম্য চিকিৎসালয়ত।

কিন্তু চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ কিছুসময় পিছতে লোকজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

যাৰ ফলত মৃতদেহ ঘৰলৈ অন্তিম সৎকাৰৰ বাবে আনিবলৈ বিপদত পৰে পৰিয়ালৰ লোক। কিয়নো হাস্পতালত নাই মৃতদেহ কঢ়িওৱা গাডী।

সেইবাবে মৃতকৰ পৰিয়ালৰ লোকে হাস্পতালৰ ষ্ট্ৰেচাৰেৰে আঢ়ৈ কিলোমিটাৰ বাট ঠেলি ঠেলি নিবলগা হ’ল মৃতদেহ।

এই ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শুৱালকুছিত।

মুখ্যমন্ত্ৰীৰ সমষ্টিত সংঘটিত এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শুৱালকুছিৰ দৰে এক বৃহত্তৰ অঞ্চলত মৃতদেহ কঢ়িওৱা গাড়ীৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *