নিউজ ডেস্ক। কাইলৈ বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতী পূজা।
পিছে এইবাৰ পূজাৰ আনন্দ-উৎসাহত বিধি পথালি দিব পাৰে বতৰে।
অহা ২৪ ঘণ্টাত ৰাজ্যত হ’ব পাৰে নেৰানেপেৰা বৰষুণ।
সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ঘূৰ্ণিয়ে বাংলাদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত চুই যোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি অহা ২৪ ঘণ্টাত অসমৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভৱনা আছে।
ঠিক তেনেদৰে ৫ ফেব্ৰুৱাৰীত পশ্চিম অসমৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ উপৰিও অসমৰ কিছু কিছু ঠাইত নেৰানেপেৰা বৰষুণৰ হোৱা সম্ভৱনা আছে।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য।