উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্ব গ্ৰহণ সব্যসাচী দে’ই…

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰিলে সব্যসাচী দে’ই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে।

বিজ্ঞপ্তি অনুসৰি ২০১৩ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়াগৰাকীয়ে বৃহস্পতিবাৰে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী সব্যসাচী দে’ই ২০১৪ চনত ভাৰতীয় ৰে’ল বিভাগত যোগদান কৰিছিল।

শেহতীয়াকৈ তেওঁ ডিব্ৰুগড়ৰ কোচিং ডিপো বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আনহাতে সদ্যপ্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উপ মুখ্য বাণিজ্যিক প্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া হৈছে।

Leave a Comment