স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে মহানগৰীত অঘটন।
ৰীল বনাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ এজন যুৱক।
গুৱাহাটীৰ পাণ্ডুত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
যুৱক জনক মালিগাঁৱৰ বৰীপাৰাৰ বিশাল ঘোষ বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিত জালুকবাৰীৰ আৰক্ষীৰ লগতে SDRF-NDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে কোনো সন্ধান উলিৱাব পৰা নাই যুৱক জনৰ।
যুৱক জনে ব্ৰহ্মপুত্ৰত গা ধুবলৈ পানীত নামি এটা ৰীল বনাই আছিল আৰু তাৰ পিছতে তেওঁ পাৰত মোবাইলটো থৈ গা ধুবলৈ নমাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ সোঁতত উটি য়ায যুৱকজন।
ইতিমধ্যে ঘটনা স্থলিত যুৱক জনৰ পৰিয়ালৰ লোক সকল উপস্থিত হৈছে।
যদি আজি যুৱক জনৰ সন্ধান পোৱা নায়ায় তেনেহলে কাইলৈ পুৱা পুনৰ সন্ধান চলাব SDRF বাহিনীয়ে।