সেনাৰ পোছাক পৰিধান কৰি দীপাৱলী উদযাপন কৰিবলৈ কাশ্মীৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…

সীমান্তত সেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোডীৰ।

ভাৰতীয় জোৱানৰ লগত দীপাৱলী পালন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দীপাৱলী উদযাপন কৰিবলৈ জন্মু-কাশ্মীৰত পুৱাই উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী গৰাকী।

কাশ্মীৰ উপত্যকাৰ ৰাজৌৰি জিলাৰ নাওচেৰা চেক্টৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে সীমান্তৰ জোৱানসকলক উৎসাহিত কৰিব।

উল্লেখ্য যে কাশ্মীৰ উপত্যকাৰ পুঞ্চ এলেকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে মোডীয়ে এইদৰে সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ অঞ্চলটোত গৈ উপস্থিত হোৱা বিষয়টোও এতিয়া চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্জ জিলাৰ ওচৰত প্ৰায় ৩ দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

১১ অক্টোবৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ৫ জন জোৱান ছহীদ হৈছিল।

পুৱা টুইটাৰৰ জৰিয়তে দেশবাসীক পোহৰৰ উৎসৱৰ শুভেচ্ছা জনাই তেওঁ লিখিছে ‘পৱিত্ৰ দীপাৱলীৰ উপলক্ষে দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছো। মই কামনা কৰোঁ যে পোহৰৰ এই উৎসৱে আপোনালোক সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব।’

Leave a Comment