অসমীয়াঅসম

সাৱধান! ২২ খন জিলালৈ বিয়পি পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ, জনালে মন্ত্ৰী অতুল বৰাই

নিউজ ডেস্কঃ অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ। ইতিমধ্যে ৰাজ্যৰ ২২ খন জিলালৈ বিয়পি পৰিছে ভাইৰাছ। মঙলবাৰে এই কথা জানিবলৈ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে লগতে লকডাউনৰ পিছত এই ভাইৰাছ অধিক সংক্ৰমিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।

গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে তিনিচুকীয়া আৰু শিৱসাগৰত ইতিমধ্যে গাহৰি বিক্ৰী নিষিদ্ধ কৰা হৈছে।

তেওঁ কয়, “অসমত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ৪০ হাজাৰ গাহৰিৰ মৃত্যু হৈছে। ৭২ টা স্থান চিনাক্ত কৰা হৈছে য’ৰ পৰা আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছ বিয়পিব পাৰে। পৰিস্থিতি নিৰীক্ষণৰ বাবে আমি ৪২৭টা ৰেপিড ৰেচপন্স টিম গঠন কৰিছো।’’

আনহাতে চলিত বৰ্ষত ৰাজ্যত ৯০০টা গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ বিপৰীতে ৫০০টা গাহৰি চৰকাৰৰ তৰফৰ পৰা হত্যা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই।

তেওঁ লগতে কয় যে ৰাজ্যত গাহৰিৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিছে।

bora atul

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চৰকাৰে গাহৰি পালকসকলকো ক্ষতিপূৰণ প্ৰদান কৰিব। তেওঁ কয় যে গাহৰি পালকসকলে ১৫ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ গাহৰিৰ বাবে ২২০০ টকা ক্ষতিপূৰণ লাভ কৰিব।

সেইদৰে ১৫-৪০ কেজি ওজনৰ গাহৰিৰ বাবে ৫৮০০ টকা, ৪০-৭০ কেজি পৰ্যন্ত ওজনৰ গাহৰিৰ বাবে ৮৪০০ টকা, ৭০-১০০ কেজিৰ বাবে ১২০০০ টকা ১০০ কেজিতকৈ অধিক ওজনৰ গাহৰিৰ বাবে ১৫০০০ টকা ক্ষতিপূৰণ লাভ কৰিব গাহৰি পালকসকলে।

আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে ধেমাজি, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, দৰং, ওদালগুৰি, বাক্সা, কামৰূপ, কামৰূপ মেট্ৰ’, মাজুলী, ডিব্ৰুগড়, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, গোলাঘাট, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট- মুঠ ২২ খন জিলাত এই ভাইৰাছ বিয়পি পৰিছে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ভোগালী পথাৰ গাঁৱৰ এটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ পাছতে দেওবাৰে অসমত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰথমটো কেছ ধৰা পৰে। খবৰ অনুসৰি, আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত অঞ্চলত গাহৰি নিধন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Related Articles

Back to top button