fbpx
অসমীয়াঅসম

সফলতাৰে মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বদৰুদ্দিন আজমলে; মুকলি কৰিলে হেল্পলাইন নম্বৰ

নিউজ ডেস্কঃ মঙলবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ২,২৯,১৩১ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

উত্তীৰ্ণ সকলৰ ভিতৰত ৬৫,১৭৬ গৰাকীয়ে প্ৰথম বিভাগত, ৯৯,৮৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৪,১০১ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৫৬.৪৯ শতাংশ।

হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা পৰীক্ষাত সফলতা অৰ্জন কৰিও এনে বহু ছাত্ৰ-ছাত্ৰী আছে, যিয়ে আৰ্থিক অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

বিশেষকৈ বৰ্তমান সময়ত ‘শিক্ষা এক বেপাৰ’ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে এটা সোণালী ভৱিষ্যত গঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

এনে পৰিস্থিতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল।

টুইটযোগে এটা ফোন নম্বৰ শ্বেয়াৰ কৰি আজমলে ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা অথচ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰী-ছাত্ৰীক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

টুইটটোত আজমলে লিখিছে, ‘যদি সফল ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই ভাল নম্বৰ পাইছে কিন্তু শিক্ষা অব্যাহত ৰখাত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে, তেন্তে +916900010052 নম্বৰত যোগাযোগ কৰিব পাৰে। সকলো সাম্ভাৱ্য সহায় কৰা হ’ব।’

উল্লেখ্য যে, বদৰুদ্দিন আজমলে তেওঁৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে সময়ে সময়ে দুখীয়া মেধাৱী শিক্ষাৰ্থীক সহায় কৰি আহিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!