গুাৱাহাটী মহানগৰীত আৰক্ষীৰ জালত ভণ্ড বাবা।
পূজাৰ নামত ধন লুট কৰিবলৈ আহোঁতেই আটক ভণ্ড পূজাৰী।
মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটৰ এটা এপাৰ্টমেণ্টত প্ৰবঞ্চনা কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে ভণ্ড পূজাৰীজন।
ৰাইজে কৰায়ত্ত কৰি ভণ্ড পূজাৰী জনক গতাই দিয়ে নুনমাটি আৰক্ষী থানাত।
ধৃত পূজাৰীজন মহাৰাষ্ট্ৰৰ মান্দু কৰ(৪০) বুলি জানিব পৰা গৈছে।
নাৰেংগী ফৰেষ্টগেটৰ পাৰিজাত এপাৰ্টমেণ্টৰ এটা পৰিয়ালৰ ঘৰত আহি অলপতে ভণ্ড মান্দু কৰে পূজা অৰ্চনাৰ নামত কলা যাদু কৰি ধন সম্পত্তি লুট কৰি নিছিল।
পুনৰ বুধবাৰে পুৱাৰ ভাগত একেটা এপাৰ্টমেণ্টৰ ৰাজেশ আগৰৱালাৰ ঘৰত ভণ্ড পূজাৰী জনে পূজা অৰ্চনা কৰিবলৈ আহিছিল, আৰু তেতিয়াই এপাৰ্টমেণ্টৰ বাসিন্দা সকলে ভণ্ড পূজাৰী জনক কাৰায়ত্ত কৰি নুনমাটি আৰক্ষী থানাক গতাই দিয়ে।
ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।









