সন্মুখত নিৰ্বাচনঃ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে মুকলি কৰিলে ‘সমাজবাদী পাৰ্ফিউম’

নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰে ৰাজনীতিবিদসকলে।

নানা ধৰণৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ ব্যস্ত হৈ পৰে ৰাজনৈতিক দলসমূহ। 

শেহতীয়াকৈ, ২০২২চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এটা বিশেষ আতৰ(Perfume) মুকলি কৰে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে।

অখিলেশ যাদৱে মুকলি কৰা সুগন্ধিটোৰ নাম ‘সমাজবাদী আটৰ’ ৰখা হয়।

এই সুগন্ধিটো ২২ টা প্ৰাকৃতিক সুগন্ধিৰ পৰা তৈয়াৰ কৰা হৈছে।

সুগন্ধিৰ বটলটোত অখিলেশ যাদৱৰ ফটোৰ লগতে সমাজবাদী পাৰ্টিৰ দলীয় প্ৰতীক ব্যাৱহাৰ কৰা হৈছে।

সুগন্ধিটো মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টিৰ নেতা গৰাকীয়ে ২০২২ চনৰ উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত এই সুগন্ধিটোৱে যাদুকৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে।

Image

উল্লেখযোগ্য যে, বিগত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত অখিলেশ যাদৱৰ দল সমাজবাদী পাৰ্টিয়ে বেয়াকৈ পৰাজিত হৈছিল।

যাৰ বাবে অখিলেশ যাদৱে এতিয়াৰে পৰা দলীয় কৰ্মকৰ্তা সকলক লৈ এনেদৰে সাজু হোৱা দেখা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ সময়ত সুগন্ধি মুকলি কৰিছিল দলটোৱে।

২০১৬ চনত উত্তৰ প্ৰদেশত তেওঁৰ দলৰ চৰকাৰৰ চাৰি বছৰ উপলক্ষে অখিলেশ যাদৱে ‘Samajwadi Sugandh’ নামৰ সুগন্ধি মুকলি কৰিছিল।

Leave a Comment