সত্ৰ-নামঘৰত সঘনাই সংঘটিত চুৰি কাৰ্যৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আই-বাপ সকলৰ

নিউজ ডেস্ক। বৰপেটা জিলাৰ বিভিন্ন সত্ৰ আৰু নামঘৰত দীৰ্ঘদিনৰ পৰা চলি অহা চুৰি কাৰ্যৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন সত্ৰৰ সৈতে জড়িত আই-বাপ সকলৰ।

উল্লেখ্য যে, বিগত কিছু দিনত বৰপেটা চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত থকা সত্ৰ-নামঘৰ-থান আদিত সংঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ড।

দুস্কৃতিকাৰীয়ে চলাই যোৱা এনে চুৰি কাণ্ডই বৰপেটাৰ ধৰ্মীয় অনুভূতিতো আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে।

p6 3
সত্ৰ-নামঘৰত সঘনাই সংঘটিত চুৰি কাৰ্যৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আই-বাপ সকলৰ 5

কিন্তু একেলেঠাৰিয়ে হৈ থকা এনে চুৰি কাৰ্যৰ পিছতো নামঘৰ-সত্ৰ সমূহৰ সুৰক্ষা নিশ্চিত নকৰাক লৈ আৰু চুৰি কাৰ্য প্ৰতিৰোধ কৰাৰ দাবীত বুধবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আই-বাপ সকলে।

p5 1
সত্ৰ-নামঘৰত সঘনাই সংঘটিত চুৰি কাৰ্যৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আই-বাপ সকলৰ 6

উল্লেখ্য যে, বৰপেটাৰ বিভিন্ন সত্ৰ-নামঘৰত চুৰি কাণ্ড সংঘটিত কৰি অহা ভগৱান মজুমদাৰ নামৰ এজন গভাইত চোৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এই চুৰি কাণ্ডত সহযোগ কৰা হেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

P4 2
সত্ৰ-নামঘৰত সঘনাই সংঘটিত চুৰি কাৰ্যৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আই-বাপ সকলৰ 7

জানিব পৰা মতে, বৰপেটা সত্ৰৰ মূল দুৱাৰৰ ৰক্ষী হিচাপে এসমত কৰ্মৰত ভগৱান মজুমদাৰে হনুমান মন্দিৰৰ প্ৰণামীৰ ধন চুৰি কৰাৰ অভিযোগত পূৰ্বেও কাৰাবাস খাটিবলগীয়া হৈছিল।

সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে গভাইত চোৰজনৰ ঘৰৰ পৰা বৰপেটাৰ কেইবাখনো সত্ৰৰ চুৰি হোৱা কাঁহ-পিতলৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

লগতে চাওকঃ

সত্ৰ-নামঘৰত চুৰি কৰি আৰক্ষীৰ জালত পৰিল ‘ভগৱান’!

G3 3
সত্ৰ-নামঘৰত সঘনাই সংঘটিত চুৰি কাৰ্যৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আই-বাপ সকলৰ 8

Leave a Comment