সত্য আৰু ন্যায়ৰ ব্ৰেণ্ড CBI! কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হীৰক জয়ন্তীত গদ গদ প্ৰধানমন্ত্ৰী…

নিউজ ডেস্কঃ সত্য আৰু ন্যায়ৰ আন এটা নাম হৈছে চিবিআই!

সোমবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ হীৰক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যে চিবিআইয়ে ন্যায়ৰ ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰি সাধাৰণ নাগৰিকক আশা আৰু শক্তি প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “চিবিআইয়ে সাধাৰণ নাগৰিকক আশা আৰু শক্তি প্ৰদান কৰিছে। চিবিআইয়ে সত্য আৰু ন্যায়ৰ ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে চিবিআইৰ তদন্ত বিচাৰি মানুহে প্ৰতিবাদ সাব্যস্ত কৰে।”

উল্লেখ্য যে, ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ১৯৬৩ চনৰ ১ এপ্ৰিলৰ প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল চিবিআই।

এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে।

অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় সংস্থাটোৰ পৰিসৰ বহুগুণে বৃদ্ধি পাইছে যদিও চিবিআইৰ মূল দায়িত্ব হৈছে দেশখনক দুৰ্নীতিমুক্ত কৰা।

তেওঁ কয়, “চিবিআইৰ দৰে পেছাদাৰী আৰু দক্ষ প্ৰতিষ্ঠান অবিহনে ভাৰত আগবাঢ়িব নোৱাৰে। বেংকৰ জালিয়াতিৰ পৰা বন্যপ্ৰাণী সম্পৰ্কীয় জালিয়াতিলৈকে চিবিআইৰ কামৰ পৰিসৰ বহুগুণে বৃদ্ধি পাইছে যদিও চিবিআইৰ মূল দায়িত্ব হৈছে দেশখনক দুৰ্নীতিমুক্ত কৰা।”

পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ২০১৪ চনৰ আগৰ সময়ছোৱাত দুৰ্নীতিগ্ৰস্ত কাৰ্য্যই দেশৰ অৰ্থনীতি আৰু বেংকিং ব্যৱস্থাৰ ভিত্তি ধ্বংস কৰি পেলাইছিল।

কংগ্ৰেছৰ দিনত দেশত দুৰ্নীতিৰ প্ৰতিযোগিতা চলিছিল বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ছোৱাত ডাঙৰ ডাঙৰ কেলেংকাৰী সংঘটিত কৰিবলৈও কোনেও চিন্তা কৰা নাছিল। কাৰণ সেই সময়ত তদন্তকাৰী সংস্থা তেওঁলোকৰ মতে চলিছিল।

মোডীয়ে কয়, ‘কিন্তু ২০১৪ চনৰ পিছত আমি দুৰ্নীতি আৰু ক’লা ধন জমাকাৰীৰ বিৰুদ্ধে জোৰদাৰ কাম কৰিবলৈ সক্ষম হৈছো।

তেওঁ লগতে কয়, “য’ত দুৰ্নীতি হয়, তাত যুৱক-যুৱতীসকলে উপযুক্ত সুযোগ নাপায়। তাত কেৱল এটা বিশেষ পৰিৱেশ তন্ত্ৰহে গা কৰি উঠে।’’

দুৰ্নীতি বিকাশৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া সময় সলনি হৈছে বাবেই চিবিআইৰ পৰিসৰ বৃদ্ধি পাইছে আৰু ন্যায়ৰ ব্ৰেণ্ড হিচাপে সংস্থাটোৱে কাম কৰিবলৈ সক্ষম হৈছে।