fbpx
আন্তঃৰাষ্ট্ৰীয়অসমীয়া

সঁচা প্ৰেম! হাস্পতালৰ বিচনাতে প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল জটিল ৰােগত আক্ৰান্ত ফাহমিদা…

নিউজ ডেস্ক। প্ৰকৃত ভালপোৱা আচলতে কি? হাতত হাত থৈ আজীৱন কাষত থকাৰ বাবে দিয়া প্ৰতিশ্ৰুতি। সুখে-দুখে, হাঁহিয়ে-কান্দোনে প্ৰতি ক্ষণ ‘মই তোমাৰ কাষত আছো’ বুলি ক’ব পৰাটোৱেই নহয় জানো প্ৰকৃত ভালপোৱা?

যদি এয়াই ভালপোৱা, তেন্তে মাহমুদুল আৰু ফাহদিমাৰ প্ৰেমতকৈ শ্ৰেষ্ঠ প্ৰকৃত ভালপোৱাৰ উপমা হয়তো এই মুহূৰ্তত আন কোনো হব নোৱাৰে। অলপতে বিবাহ সম্পন্ন হৈ গ’ল মাহমুদুল আৰু ফাহদিমাৰ। কিন্তু বিয়াৰ বাবে সজা নহ’ল কোনো ৰভা, উদুলি-মুদুলি হৈ নপৰিল ৰভাঘৰৰ পৰিৱেশ।

বিয়াৰ আনন্দৰ মাজতো উপস্থিত সকলোৰে মনত ৰৈ গ’ল এক বিষাদ। কাৰণ, বিয়াৰ স্থান আছিল এখন হাস্পতাল!

p3 8

দৰাচলতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ফাহমিদা। চিকিৎসকৰ মতে, হাতত আৰু বেছিদিন নাই। সেয়ে হাস্পতালৰ ভিতৰতে সম্পন্ন হল প্ৰেমিক মাহমুদুলৰ সৈতে ফাহমিদাৰ বিয়াখন।

জীৱনৰ এই বিশেষ দিনটোত দুখৰ প্ৰচ্ছায়াৰ মাজতো বেনাৰসী শাৰী পিন্ধি নিজক সজাই তুলিলে ফাহমিদাই। দৰা মাহমুদেও প্ৰতিশ্ৰুতি দিলে মৃত্যুপৰ্যন্ত যতন লোৱাৰ।

p4 9

এই গভীৰ প্ৰেম আৰু বিবাহৰ স্থান বাংলাদেশৰ চিটাগং চহৰ। চহৰখনৰ কক্সবজাৰৰ নিৱাসী মাহমুদুল হাছান পেছাত এগৰাকী চৰকাৰী চাকৰিয়াল। নৰ্থ চাউথ বিশ্ববিদ্যালয়ত তেওঁ এমবিএ অধ্যয়ন কৰি থকাৰ সময়তে পৰিচয় ঘটিছিল দক্ষিণ বকলিয়াৰ সুন্দৰী যুৱতী ফাহমিদা কামালৰ সৈতে। সেই সময়ত ফাহমিদাও আছিল এমবিএৰ ছাত্ৰী।

চাওতে চাওতে দুয়োৰে মাজৰ বন্ধুত্বই প্ৰেমৰ ৰূপ লয়। সময় সলনি হয়, কিন্তু ভালপোৱা তেওঁলোকৰ একেদৰেই থাকে। নিজা নিজা কৰ্মক্ষেত্ৰত জড়িত হোৱাৰ পিছত মাহমুদুল আৰু ফাহমিদাই বিবাহৰ সিদ্ধান্ত লয়।

কিন্তু সেই সময়তে ফাহমিদাৰ দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগ। প্ৰথমে ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় সুন্দৰী যুৱতীগৰাকীক। তাৰ পিছত ভাৰতৰ টাটা মেম’ৰিয়েল হাস্পতাললৈও লৈ অনা হয় ফাহমিদাক।

চিকিৎসকে সকলো প্ৰকাৰে চিকিৎসা চলাই অৱশেষত ঘোষণা কৰে- ফাহমিদাৰ ওচৰত আৰু জীয়াবলৈ বেছি দিন নাই! ২০ বছৰীয়া যুৱতীগৰাকীৰ এই আৱশ্যাম্ভি মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তোলে পৰিয়ালক। চিটাগঙলৈ উভতাই অনাৰ পিছত তেওঁক পুনৰ ভৰ্তি কৰোৱা হয় চিকিৎলায়ত। কিন্তু লাহে লাহে অধিক অৱনতি ঘটে ফাহমিদাৰ স্বাস্থ্যৰ। সুন্দৰ মুখখন শুকাই খিনাই বুঢ়ীজনীৰ দৰে হৈ পৰে।

কিন্তু ফাহমিদাৰ এই কঠিন পৰিস্থিতিৰ সময়তো অনৱৰতে তেওঁৰ কাষত থিয় হৈ থকা মানুহজনেই হ’ল মাহমুদুল। ফাহমিদাৰ হাতত হাত থৈ প্ৰেমিক মাহমুদুলে প্ৰায়ে কয়- ‘মই তোমাৰ কাষত আছো, চিৰদিন থাকিম।’

এয়াই হয়তো প্ৰকৃত ভালপোৱা! এদিন মাহমুদুলে ফাহমিদাৰ পৰিয়ালৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে সকলোৱে এই প্ৰস্তাৱ শুনি আচৰিত হয় যদিও নিজৰ সিদ্ধান্তত অটল মাহমুদুলে অৱশেষত সৈমান কৰাবলৈ সক্ষম হয় দুয়োটা পৰিয়ালক।

পিছত যেতিয়া হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা ফাহমিদাক এই খবৰ দিয়া হয়, তেৱো আচৰিত হয়। বাৰে বাৰে তেওঁ মাহমুদুলক এনে নকৰিবলৈ কয়। কিন্তু তেতিয়াও নিজৰ সিদ্ধান্তত অটল হৈ থকা প্ৰেমিক মাহমুদুলৰ ওচৰত অৱশেষত মৃত্যুৰ পূৰ্বৰ সময়খিনি সমৰ্পণ কৰিবলৈ বাধ্য হয় ফাহমিদা।

তাৰ পিছতে হাস্পতালত সম্পন্ন হয় মাহমুদুল আৰু ফাহমিদাৰ বিবাহ। কিছু সময়ৰ বাবে ফাহমিদাৰ মুখত বিৰিঙি উঠে হাঁহি। ৰঙা বেনাৰসী শাৰী পিন্ধি কইনাৰ সাজত ফাহমিদাই হাস্পতালৰ বিচনাতে উদযাপন কৰে জীৱনৰ এটা বিশেষ দিন।

সামাজিক মাধ্যমত ইতিমধ্যে ফাহমিদা আৰু মাহমুদুলৰ বিবাহৰ ফটো ভাইৰেল হৈ পৰিছে। আবেগিক কৰি তুলিব পৰা এই ফটো শ্বেয়াৰ কৰি অনেকেই তেওঁলোকক জনাইছে যুগ্ম জীৱনৰ শুভেচ্ছা। বহুতেই কৈছে- ইয়াতকৈ আৰু নাই প্ৰকৃত ভালপোৱাৰ অনন্য উপমা।

লগতে চাওকঃ

প্ৰকৃত প্ৰেমৰ নিদৰ্শন দাঙি ধৰি বিবাহৰ সিদ্ধান্ত জটিল ৰোগত আক্ৰান্ত প্ৰেমিক যুগলৰ

G5 12

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!