শোৱাপাটীতে মাতৃ, ককাক-ভগ্নীসহ ৪ জনক হত্যা ড্ৰাগছ আসক্ত ১৬ বছৰীয়া কিশোৰৰ…

নিউজ ডেস্ক। এক লােমহৰ্ষক হত্যাকাণ্ড!

ড্ৰাগছ আসক্ত কিশোৰে নিশাৰ শোৱাপাটীত হত্যা কৰিলে মাতৃসহ পৰিয়ালৰ ৪ জন সদস্যক।

এই নৃশংস হত্যাকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৬ বছৰীয়া হত্যাকাৰী কিশোৰজনক।

p1
শোৱাপাটীতে মাতৃ, ককাক-ভগ্নীসহ ৪ জনক হত্যা ড্ৰাগছ আসক্ত ১৬ বছৰীয়া কিশোৰৰ… 4

ত্ৰিপুৰাৰ ধলাই জিলাৰ কমলপুৰ থানাৰ অন্তৰ্হত দুৰাই শিৱ বাৰী গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্ত সুপ্ৰিয় দেৱনাথ নামৰ ১৬ বছৰীয়া ড্ৰাগছ আসক্ত কিশোৰজনে নিশা শুই থকা অৱস্থাত ককাক বাদল দেৱনাথ (৭০)ৰ লগতে মাতৃ সমতা দেৱনাথ (৩২) আৰু কনিষ্ঠ ভগ্নী (১০)ক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে।

ইয়াৰ লগতে ৰেখা দেৱ (৪২) নামৰ এগৰাকী চুবুৰীয়া মহিলাকো হত্যা কৰে কিশোৰজনে।

photo1667724054
শোৱাপাটীতে মাতৃ, ককাক-ভগ্নীসহ ৪ জনক হত্যা ড্ৰাগছ আসক্ত ১৬ বছৰীয়া কিশোৰৰ… 5

সৌভাগ্যক্ৰমে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰৰ বাহিৰত আছিল পেছাত গাড়ীচালক সুপ্ৰিয়ৰ পিতৃ।

কিন্তু পুৱতি নিশা তেওঁ ঘৰলৈ আহি এই হত্যাকাণ্ডৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষী থানাত উপস্থিত হৈ পাষাণ পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

photo1667724061
শোৱাপাটীতে মাতৃ, ককাক-ভগ্নীসহ ৪ জনক হত্যা ড্ৰাগছ আসক্ত ১৬ বছৰীয়া কিশোৰৰ… 6

ইয়াৰ পিছতে আৰক্ষীয়ে দেওবাৰে পুৱা গ্ৰেপ্তাৰ কৰিছে সুপ্ৰিয় নামৰ কিশোৰজনক।

লগতে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰে আৰক্ষীয়ে।

অৱশ্যে এই নিৰ্মম হত্যাকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৰ লগতে ত্ৰিপুৰাতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।