শোকাৱহ! ৰাজ্যত পুনৰ বিষাক্ত কাঠফুলা খাই মৃ্ত্যুক সাৱটিলে এজনে, ৫ জন চিকিৎসাধীন…

ৰাজ্যত পুনৰ বিষাক্ত কাঠফুলা খাই মৃ্ত্যুক সাৱটিলে এজনে।
ডিমা হাচাওৰ উমৰাংচুত সংঘটিত হৈছে এই ঘটনা।
আনহাতে বিষাক্ত কাঠফুলা ভক্ষণ কৰি আন পাঁচজন লোক অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, উমৰাংচু থানাৰ অন্তর্গত আঠকিলোত একাংশ লোকে কেইদিনমানৰ পূৰ্বে বনৰীয়া কাঠফুলা ভক্ষণ কৰে। পৰৱৰ্তী সময়ত এলেকাটোৰ কাঠফুলা ভক্ষণ কৰা লোকসকল গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
বিষাক্ত কাঠফুলা খাই আক্রান্ত হোৱা লোককেইজনক প্রেম বাহাদুৰ চেত্ৰী (৬০), ৰাধা কুৰ্মী (৫০), চৰণ লামা (২২), সুজিতা তামাং (২৬), ডিমা কুমী (২২) আৰু মাণিক কুৰ্মী (৬৫) বুলি চিনাক্ত কৰা হৈছে।
আক্রান্ত আটাইকেইগৰাকী লোককে লগে লগে উমৰাংচু প্ৰাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও অৱস্থা অধিক জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইয়াৰে মাণিক কুৰ্মী নামৰ লোকজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।